বিহপুৰীয়াত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা কাৰ্যসূচী - Awarness program at Bihpuria
🎬 Watch Now: Feature Video
হঠাৎ লালুক আদৰ্শ চিকিৎসালয়ত লাগিল হুৱা দুৱা ৷ মডেল হাস্পাতালত অগ্নিকাণ্ডৰ ঘটনা। লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাকৰ বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাৰ লগতে উদ্ধাৰ কৰে দুজনকৈ অগ্নিদগ্ধ লোকক । এনেদৰেই আৰম্ভ হৈছিল ঘটনা ৷ পিছে এয়া বাস্তৱ নহয়, প্ৰকৃতাৰ্থতে এয়া এক সজাগতামূলক কাৰ্যসূচীহে (Awarness program at Bihpuria)। হঠাৎ কোনো ঠাইত অগ্নি সংযোগ হ’লে বা কোনো লোক অগ্নি দগ্ধ হ’লে কেনেদৰে সজাগ হ’ব লাগে তাকেই প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে বুধবাৰে বিহপুৰীয়াত এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । বুধবাৰে বিহপুৰীয়া অগ্নি নিৰ্বাপক বাহিনীয়ে লালুক আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চিকিৎসাকৰ্মী সকলৰ সহযোগত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা উদ্দেশ্যে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷