কৃষকৰ বাবে বিধায়ক দিগন্ত কলিতাৰ বিশেষ পদক্ষেপ
🎬 Watch Now: Feature Video
সমষ্টিবাসীৰ খবৰ লোৱাৰ উদ্দেশ্যে শনিবাৰে নিজ সমষ্টি কমলপুৰত উপস্থিত হ'ল নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতা ৷ সমষ্টিটোত উপস্থিত হৈ বিধায়ক গৰাকীয়ে কৃষকসকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে বিশদভাৱে আলোচনা কৰো ৷ কৃষক ৰাইজক বছৰৰ প্ৰতিটো দিনতেই পথাৰত পানী যোগানৰ লক্ষ্যেৰে বিধায়ক দিগন্ত কলিতাই হাতত লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ শনিবাৰে জলসিঞ্চন বিভাগৰ গুৱাহাটী আৰু ৰঙিয়া সংমণ্ডলৰ বিষয়াক লগত লৈ সমষ্টিটোত বন্ধ হৈ থকা আঁচনিসমূহ কি দৰে মুকলি কৰিব পাৰি সেই সম্পৰ্কে বিধায়ক গৰাকীয়ে আলোচনা কৰে ৷ বিভাগীয় বিষয়া কৰ্মচাৰীৰ বাবে কোনো আঁচনি বিফল হোৱাৰ অভিযোগ পালে তদন্ত কৰি ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে বিধায়ক দিগন্ত কলিতাই ।