দুৰ্জনৰ মৰসাহ : বন্ধ মণিকূটত সোমাই জ্বলালে ভাগৱত - Miscreants burnt Shrimad Bhagwat in Nagaon
🎬 Watch Now: Feature Video

ধৰ্মীয় অনুস্থানত চোৰৰ উপদ্ৰৱৰ খবৰে শিৰোনাম দখল কৰি থকাৰ সময়তে চামগুৰিৰ নামঘৰত সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা(Miscreants burnt Shrimad Bhagwat in Nagaon) । অম্বুবাচীৰ বাবে নামঘৰ বন্ধ থকাৰ সময়তে চামগুৰি আৰক্ষী থানাৰ নিকটবৰ্ত্তী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভেলেউগুৰি নামঘৰত দুৰ্বৃত্তই জ্বলাই দিলে ভাগৱতৰ লগতে অন্যান্য ধৰ্মগ্ৰন্থ(Miscreants burn scriptures) । পুৱাই নামঘৰীয়াই নামঘৰ পৰিস্কাৰ কৰিবলৈ আহি সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ স্থানীয় ৰাইজক বিষয়টো অৱগত কৰাই । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে চামগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।