thumbnail

যিমান চেষ্টা কৰিলেও অসমত আপ নাহে বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ

By

Published : Aug 22, 2022, 10:41 PM IST

অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে এইবাৰ অসমত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । জিলাই জিলাই আপে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী(AAP Joining Programme at Moran) । ডিব্ৰুগড় জিলাৰ মৰাণত দেওবাৰে অনুষ্ঠিত হয় আপত বৃহৎ যোগদান কাৰ্যসূচী । আপৰ শেহতীয়া কাৰ্যকলাপক লৈ সোমবাৰে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে, আপে যি চেষ্টা কৰিলেও অসমত আপ নাহে (Minister Jogen Mohan reacts on joining program of AAP) । ৰাইজে কংগ্ৰেছত থাকি আমনি পাইছে সেয়ে এতিয়া কিছুলোক আপলৈ আহিছে । দল কৰাৰ অধিকাৰ সকলোৰে আছে । বিজেপি এতিয়া শক্তিশালী ৰূপত আছে কাৰণে বিজেপিয়ে ৰাইজৰ বাবে কাম কৰিছে । আনহাতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত চিবিআইয়ে অভিযান (CBI Raid on Delhi Deputy CM Manish Sisodia House) চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীজনে কয়, আপক লৈ ৰাইজৰ আস্থা নোহোৱা হ'ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.