ৰাইদঙীয়াত গোপীৰ সৈতে নৃত্যত ব্যস্ত মন্ত্ৰী যোগেন মহন - Preparations for the 20th Rasotsav at Raidangiya

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 5, 2022, 4:41 PM IST

আগন্তুক নৱেম্বৰত হ'ব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি মৰাণৰ ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিৰ (Rash Preparation in Moran) । ১৯৮০ চনৰ পৰা উদযাপন কৰি অহা ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিয়ে প্ৰতি দুটা বৰ্ষৰ অন্তৰে অন্তৰে উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবাৰ বিংশতিতম বৰ্ষত ভৰি দিছে (Preparations for the 20th Rasotsav at Raidangiya) । বিগত বৰ্ষৰ দৰে এইবাৰো উলহ-মালহৰে ৰাসোৎসৱ উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে আখৰাত । দেওবাৰে সন্ধিয়া মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন আখৰাস্থলীত উপস্থিত হৈ মূল নাটৰ আখৰাৰ বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভ উদ্বোধন কৰে (Minister Jogen Mahan inaugurates Rash rehearsel) । ইয়াৰ মাজতে মন্ত্ৰী যোগেন মহনক দেখা যায় ব্যতিক্ৰম ৰূপত ৷ আখৰাত কৃষ্ণ হৈ গোপীৰ সৈতে নৃত্য কৰিলে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয়, ৰাস মহোৎসৱৰ দৰে আধ্যাত্মিক অনুষ্ঠান সমূহে সমাজ খন সুস্থ কৰি ৰখাত সহায় কৰে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.