thumbnail

By

Published : Sep 19, 2022, 10:22 PM IST

ETV Bharat / Videos

জনজাতিকৰণৰ দাবীত প্ৰধানমন্ত্ৰী জুমুঠি দাহেৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

পুনৰ প্ৰতাৰিত হ'ল অসমৰ ছয় জনগোষ্ঠী (Six communities of Assam)। কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত নাই অসমৰ নাম । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ (ST status of six communities) কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ । মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় মটক যুৱ-ছাত্ৰ সন্মিলনে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ (All Assam Matak Yuba Chatra Sanmilan protest)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জুমুঠি দাহ কৰি মটক যুৱ ছাত্ৰ সন্মিলনৰ জামিৰা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । জামিৰাৰ পাত্ৰ মটক গাঁৱত সংগঠনটোৰ কেন্দ্ৰীয় পৰিৱেশ আৰু পৰ্য্যটন সম্পাদক গীৰিশ পাত্ৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনোদ গগৈ, সন্মিলনৰ জিলা উপ-সভাপতি দিগন্ত বৰুৱাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.