thumbnail

By

Published : Aug 31, 2022, 10:55 PM IST

ETV Bharat / Videos

যানজঁটে জ্বলাকলা খুৱাইছে লংকাবাসীক

হোজাই জিলাৰ লংকা চহৰত সদায় সৃষ্টি হয় যানজঁটৰ সমস্যা(Massive traffic jam in Hojai town) ৷ কিন্তু গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । উল্লেখ্য যে লংকাৰ পৰা এফালে নগাঁও আৰু আনফালে কাৰ্বিআংলং, খেৰনি, উমৰাংচু, এন চি হিল সংযোগী এইটোৱেই লংকা চহৰৰ মাজেৰে যাতায়াত কৰা মূলপথ । কিন্তু, উক্ত পথছোৱাত পথৰ নিচেই সমীপত য’তে ত’তে ই-ৰিক্সা, টেম্পো, টাটা মোবাইল, ট্ৰাকৰ অবৈধ পাৰ্কিঙৰ ফলতেই পথচোৱাত সদায় সৃষ্টি হৈ আহিছে যানজঁট । বিশেষকৈ লংকা বাছ ষ্টেণ্ডৰ পৰা নগাঁও দিশে যাবলগীয়া যাত্ৰীবাহী বাছসমূহে কাউন্টাৰৰ পৰা ওলাই যাত্ৰীৰ লোভত পথৰ ওপৰত ৰখাই আধা অংশ পথ আৱদ্ধ কৰাৰ ফলতেই সৃষ্টি হয় এই যানজঁটৰ । লংকা বাছষ্টেণ্ডৰ পৰা লংকা বজাৰ পাবলৈ প্ৰায় আধা কিল’মিটাৰতকৈ কম পথ অতিক্ৰম কৰোতে একোখন বাছে সময় লয় আধাঘন্টাতকৈও অধিক সময় ৷ ফলত একে দিশ নাইবা আন দিশৰ পৰা অহা আন যান বাহন পাৰ হৈ যাব নোৱাৰাত সৃষ্টি হয় যানজঁটৰ । স্থানীয় যান বাহন আৰক্ষীয়ে পুৱাৰ পৰা নিজৰ দায়িত্ব পালন কৰি আহে যদিও গুৰুত্ব নাই বাছচালক ও হেণ্ডিমেনৰ । আনহাতে লংকা পৌৰসভাই চহৰতখনত স্থায়ী পাৰ্কিৰ ব্যৱস্থা নকৰা বাবেও এনেদৰে চহৰখনত যানজঁটৰ সমস্যা সৃষ্টি হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.