ডিফুত অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ - Fire breaks out in Diphu
🎬 Watch Now: Feature Video

ডিফুৰ বিৰলাৰ ওচৰত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Diphu) ৷ বুধবাৰে পুৱা 10.30 বজাত ডিফুৰ বিৰলা মছজিদৰ ওচৰৰে বাসিন্দা ইমতিয়াজ আলীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে (Fire breaks out in Diphu) ৷ সৌভাগ্যক্ৰমে, এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ইমতিয়াজ আলীৰ ঘৰত কোনো নাছিল ৷ ইপিনে অগ্নিকাণ্ডত ঘৰখনত থকা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ ঘটাত হুৱা-দুৱা লাগে সমগ্ৰ অঞ্চলটোত ৷