ডিব্ৰুগড়ৰ টেঙাখাটত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী - নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ
🎬 Watch Now: Feature Video
ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ উইল্টন চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ ৰাইজৰ সহযোগত বনবিভাগে পিঞ্জৰাবদ্ধ কৰে (Leopard trapped in Dibrugarh)। জানিব পৰা মতে দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ বহুলোকৰ ঘৰৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল ৷ ফলত উপায়বিহীন হৈ গাঁৱৰ ৰাইজে টেঙাখাট আৰক্ষীৰ লগতে বন বিভাগৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে ৷ ইয়াৰ পাছতে বন বিভাগে দেওবাৰে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় (Leopard trapped at Tengakhat) ৷