বঙাইগাঁৱৰ মাণিকপুৰত অবৈধ কাঠমিলসহ জব্দ বৃহৎ পৰিমাণৰ কাঠ - অবৈধ কাঠমিলসহ জব্দ বৃহৎ পৰিমাণৰ কাঠ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16135588-thumbnail-3x2-gdgdf.jpg)
বঙাইগাঁও জিলাৰ মাণিকপুৰ বন উপ সংমণ্ডলৰ অন্তৰ্গত ছালাবিলাত জব্দ বৃহৎ পৰিমাণৰ কাঠ (Large Quantity of wood seized)৷ এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ এটা দলে মাণিকপুৰ বন উপ সংমণ্ডলৰ অন্তৰ্গত ছালাবিলাত অভিযান চলাই কাঠফলা মিলসহ জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠ (Large quantities of timber seized including timber mills)। দীৰ্ঘদিন ধৰি ঠাইখনত কেইবাজনো বন মাফিয়াই অবৈধ ভাবে কাঠফলা মিল চলাই অহাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় লোকে ৷ সেই অভিযোগৰ ভিত্তিতে আজি বন বিভাগে মিলটো উৎখাত কৰিবলৈ সক্ষম হয় । লগতে জব্দকৃত কাঠ আৰু মিলৰ সামগ্ৰীসমূহ মাণিকপুৰ বন উপ সংমণ্ডলৰ কাৰ্যালয়ত লৈ আহে ।