কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ - মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13215258-thumbnail-3x2-cachar.jpg)
কৰিমগঞ্জত ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল আৰক্ষীৰ হাতৰ পৰা পলাই থকা ভূমিৰ দালালক চিনেমা কায়দাৰে আটকৰ দৃশ্য ৷ মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকা সময়ত বুধবাৰে কৰিমগঞ্জত পুনৰ এজন দালালক আটক কৰে আৰক্ষীয়ে । আটক কৰা ব্যক্তিজন কৰিমগঞ্জ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ অধিবক্তা কবিৰ আহমেদ । কৰিমগঞ্জ সদৰ আৰক্ষীয়ে কবিৰ আহমেদক ফকিৰাবজাৰ পৰা আটক কৰে । এখন গাড়ীত উঠি সূতাৰকান্দিৰ পৰা ফকিৰাবজাৰ আহি থকা অৱস্থাত আৰক্ষীয়ে আগভেটি আটক কৰে কবিৰ আহমেদক । কবিৰ আহমেদে দীৰ্ঘদিন ধৰি ভূমি দালালিত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।