অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি - চানমাৰি থানা
🎬 Watch Now: Feature Video

অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ NIA য়ে ৰুজু কৰা গোচৰৰ জামিন নাকচ কৰিছে আদালতে ৷ চানমাৰি থানাত 30/2019 নম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ৷ অখিলৰ ওপৰত আছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ অখিল গগৈ সোণোৱাল চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি মন্তব্য সমৰ্থকৰ । এয়া অখিল গগৈৰ প্ৰতি চৰকাৰৰ চৰম অন্যায় বুলি মন্তব্য কৰে সমৰ্থক সকলে ।