KFA Press Conference: KAAC ত অনা কাৰ্বি লোকক কাৰ্যবাহী সদস্য পদ প্ৰদানৰ বিৰোধিতা KFAৰ - অনা কাৰ্বি লোকক কাৰ্যবাহী সদস্য পদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2022, 11:04 PM IST

ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত (KAAC election 2022) অনা কাৰ্বি সদস্য সকলক কাৰ্যবাহী সদস্য পদ প্ৰদান কৰাকলৈ সৰৱ হৈ পৰিছে কাৰ্বি ফাৰ্মাৰ্চ এছ'চিয়েচন চমুকৈ কে এফ এ ৷ শুকুৰবাৰে সন্ধিয়া কে এফ এৰ সাধাৰণ সম্পাদক অমৰজিৎ তিমুঙৰ নেতৃত্বত ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰা হয় ৷ সংবিধান প্ৰদত্ত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত জনজাতি সকলৰ বাবে থকা ষষ্ঠ অনুসুচীৰ সুবিধা আৰু ক্ষমতাৰ কথা জানিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা কাৰ্বি সকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰদান কৰিছে বুলি অভিযোগ কৰে সংগঠনটোৱে ৷ বৰ্তমান পৰিষদখনত অনা কাৰ্বি সদস্য সকলক কাৰ্যবাহী সদস্য পদ দিয়াৰো পৰিকল্পনা চলিছে বুলি কাৰ্বি আংলঙৰ বুদ্ধিজীৱী সকলৰ পৰা সংবাদ মাধ্যমৰ যোগে জানিব পাৰিছে বুলি কয় তিমুঙে ৷ যদি এনেদৰে ষষ্ঠ অনুসূচীৰ নিয়ম ভংগ কৰি অনা কাৰ্বিক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাবে দায়িত্ব দিয়ে, কেএফএ বহি নাথাকে আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অমৰজিৎ তিমুঙে হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.