প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন
🎬 Watch Now: Feature Video
শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ মাত্ৰ কেইটামান ঘন্টাৰ পাচতে ৰাজ্যৰ 47 টাকৈ সমষ্টিৰ ভিন্ন দলৰ প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য ৷ আন আন জিলাসমূহৰ সমান্তৰালভাৱে ভোট গ্ৰহণৰ বাবে সাজু হৈছে যোৰহাট জিলা প্ৰশাসনো ৷ জিলাখনৰ 5 টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাৱে লগতে সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে সকলো যাৱতীয় কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে প্ৰশাসনে ৷ সমগ্ৰ যোৰহাট জিলাখনত সৰ্বমুঠ 1102 টা ভোট গ্ৰহন কেন্দ্ৰত 7লাখ 56 হাজাৰ 856 জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ যোৰহাট, টিয়ক আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ সজুলী সমুহ যোৰহাট চৰকাৰী বালিকা বিদ্যালয় আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ লগতে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে ৷