নগাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

By

Published : Jul 16, 2021, 1:50 PM IST

thumbnail
বৃহস্পতিবাৰে নিশাৰ ভাগত বন বিভাগ (Forest Department)ৰ অভিযানত নগাঁৱৰ লংকৈ লেকথে চকুৰঙাৰ পৰা জব্দ হৈছে চোৰাং কাঠভৰ্তি (Illegal Wood) মিনি ট্ৰাক । পাৰ্কুপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ নেতৃত্বত চলিছিল এই ব্যাপক অভিযান ৷ আভিযান কালত মাকৈশাল, তিতাচপা, ৰাইটেঙা আদি বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰে বন বিভাগে । জব্দ কৰা কাঠখিনিৰ আনুমানিক মূল্য 75 হাজাৰৰো অধিক । অৱশ্যে নিশা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং সৰবৰাহকাৰী চক্ৰটোৱে । কিছুদিন পূৰ্বেও বন বিভাগে অভিযান চলাই জব্দ কৰিছিল প্ৰায় 60 হাজাৰ টকাৰ মূল্যবান কাঠ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.