গোৱালপাৰাত চোৰাং শালকাঠ উদ্ধাৰ - কৃষ্ণাই বন বিভাগ
🎬 Watch Now: Feature Video
গোৱালপাৰাৰ শালপাৰাত দেওবাৰে উদ্ধাৰ হয় চোৰাং শালকাঠ । বনাঞ্চলত কাটি পেলাই থোৱা অৱস্থাতে চোৰাং কাঠখিনি উদ্ধাৰ কৰে কৃষ্ণাই বন বিভাগে । কোনো চোৰাং ব্যৱসায়ীয়ে শালগছবোৰ কাটি বনাঞ্চলত পেলাই থৈ গৈছিল । উদ্ধাৰ হোৱা কাঠখিনিৰ মূল্য প্ৰায় 20 হাজাৰ টকা । কোনে এই মূল্যৱান গছবোৰ কাটি এনেদৰে পেলাই থৈ গৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷