thumbnail

By

Published : Jun 14, 2022, 9:24 PM IST

ETV Bharat / Videos

Police bust fake call centre: হোজাইত উৎখাত হ’ল ভুৱা কল চেণ্টাৰ

হোজাইত উৎখাত এটা ভুৱা কল চেণ্টাৰ (Hojai police bust fake call centre) । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্থৰ (Hojai SP Barun Purkayastha)নেতৃত্বত এটা আৰক্ষীৰ দলে মঙলবাৰে হোজাই উত্তৰ বিদ্যানগৰত চলাইছিল এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে উৎখাত কৰে এই কল চেণ্টাৰটো (Fake call center in Hojai) । ভুৱা কল চেণ্টাৰটোৰ পৰা অভিযানকাৰী দলটোৱে দুটা ম’বাইলকে ধৰি ছটা ডেস্কটপসহ এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ঘটনা সন্দৰ্ভত ৰাহুল ৰয় আৰু নয়ন ঘোষ নামৰ দুজন লোককো আটক কৰে হোজাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীন দুয়োৰে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্থই উল্লেখ কৰা মতে, কল চেণ্টাৰটোৰ সদস্যই এমাজনৰ পৰা বিভিন্ন তথ্য হেক কৰি লক্ষ্য কৰি লৈছিল বিদেশৰ গ্ৰাহকক ৷ আনকি বিভিন্ন সময়ত বিভিন্ন ৰূপত গ্ৰাহকক কল কৰি কল চেণ্টাৰটোৱে গ্ৰাহকৰ পৰা লুটিছিল ধন । এই তথ্য সংবাদমাধ্যমৰ আগত সদৰি কৰিছে হোজাইৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ অৱশ্যে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে এক উচ্চ পৰ্যায়ৰ তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.