কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে... - new cm
🎬 Watch Now: Feature Video
দেওবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে ৰাজ্যত চৰ্চা লাভ কৰিছে মুখ্যমন্ত্ৰী পদৰ বিষয়টোৱে ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী পদৰ বাবে উত্থাপন হৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ৷ ইতিমধ্যে ৰাজ্যৰ বহু কেইগৰাকী বিধায়কে মন্ত্ৰী ড৹ শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰা বুলি মত প্ৰকাশ কৰে ৷ বিষয়টোক লৈ চৰ্চা চলি থকাৰ সময়তে মঙলবাৰে পাঠশালাত বহুকেইটা মন্তব্য আগবঢ়াই ৰণজিৎ কুমাৰ দাসে ৷ নতুন চৰকাৰৰ গঠনক লৈ আজি উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ সভাপতি গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী পদক লৈ দলত কোনো ধৰণৰ সংঘাত হোৱা নাই ৷ হিমন্ত বিশ্ব শৰ্মা নহ'লে সৰ্বানন্দ সোণোৱালেই হ'ব মুখ্যমন্ত্ৰী ৷ ভাৰতীয় জনতা পাৰ্টীয়ে আভ্যন্তৰীণ গণতন্ত্ৰক সন্মান জনাই আহিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷