প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ - Allegation of torture against head master
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16269283-thumbnail-3x2-kkkd.jpg)
নুমলীগড়ৰ মৰঙি পূৱ শিক্ষা খণ্ডৰ শামুকজান নিম্ন প্ৰাথমিক বিদ্যালয়ত অঘটন ৷ প্ৰধান শিক্ষক গোলাপ গগৈৰ উপৰ্যুপৰি প্ৰহাৰত আহত হয় দীপ বাৰ্জু নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজন (Head master brutally beat student) ৷ যাৰ বাবে স্থানীয় ৰাইজে ক্ষোভিত হৈ বিদ্যালয় ঘেৰাও কৰি জবাবদিহি কৰে প্ৰধান শিক্ষক গোলাপ গগৈক ৷ প্ৰধান শিক্ষকজনে প্ৰায়েই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক প্ৰহাৰ কৰে বুলি অভিযোগ কৰিছে অভিভাৱকসকলে (Allegation of torture against head master) ৷ আনহাতে শিক্ষকজনৰ পৰা এই কথা জানিব বিচৰাত সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ ছাত্ৰ-ছাত্ৰী সকলক ন্যায় প্ৰদানৰ দাবী কৰিছে ৰাইজে ।