লিকাবালিত হিজি নদীৰ প্ৰৱল সোঁতে উটুৱাই নিলে দলং - উটুৱাই নিলে দলং
🎬 Watch Now: Feature Video

অৰুণাচল প্ৰদেশৰ লিকাবালিত হিজি নদীৰ ওপৰত থকা এখন দীঘলীয়া ওলোমা দলং নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়ে (Hanging bridge broke by massive wave in river Hiji) । বিগত কেইবাদিনো ধৰি পাহাৰীয়া ৰাজ্যখনত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত নদীত পানীৰ সোঁত বৃদ্ধি পায় (Heavy rain in Arunachal)। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ হিজি এখন পাহাৰীয়া নদী । স্থানীয় লোকৰ মতে, নদীৰ মাজত চলি থকা অত্যাধিক খনন কাৰ্য আৰু শিল বালিৰ কঢ়িয়াই থকাৰ ফলত দলং খনৰ কাষতে থকা তলৰ ভাগ দুৰ্বল হৈ পৰিছে ৷ ফলস্বৰূপে এইদৰে দলংখন পানীৰ সোঁতত উটি যায় । নদীখনৰ সিটো পাৰে থকা গাঁওবাসীৰ অহা যোৱাৰ একমাত্ৰ পথটো বৰ্তমান যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷