অখিল গগৈৰ কাষত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল গগৈ - All Assam Matak Students union stand
🎬 Watch Now: Feature Video

ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে ৷ কোনটো দলে কিমান ভোট পাব,কাৰ হাতত চৰকাৰৰ শাসনভাৰ যাব ইয়াকে লৈ চৰ্চা অব্যাহত আছে ৰাজ্যত ৷ এই সময়তে শনিবাৰে কাৰাৰুদ্ধ অখিল গগৈৰ আনুগত্যতাৰ আহ্বান জনাই সকলো ৰাইজকে অখিল গগৈক জয়ী কৰিবলৈ দাবী জনায় সদৌ অসম মটক ছাত্ৰ সন্থাই ৷ শাসনাৰ দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টীয়ে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈৰ জয়ৰ কামনা কৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল গগৈয়ে ৷