আজি গৰু বিহু : উখল-মাখল হৈ পৰিছে ভোগদৈৰ বাকৰি - মইনামাজি গাঁৱৰ সমূহীয়া গৰু বিহু উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2022, 11:09 AM IST

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে ৰঙালী বিহু(Rangali Bihu celebrations begins from today) ৷ ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসীয়ে বৃহস্পতিবাৰে পালন কৰিলে গৰু বিহু ৷ সম্পূৰ্ণ দুবছৰৰ বিৰতিৰ মূৰত বিহু উদযাপন কৰিবলৈ পাই গাত তত নোহোৱা হৈছে প্ৰতিগৰাকী অসমীয়াৰ ৷ যোৰহাটৰ ভোগদৈ নৈৰ বাকৰিতো পুৱাৰ পৰাই উথপথপ পৰিৱেশে বিৰাজ কৰিছে ৷ কিয়নো মইনামাজি গাঁৱৰ ৰাইজে এইবেলি সমূহীয়াকৈ পালন কৰিছে গৰু বিহু(Goru Bihu celebrates in Jorhat) ৷ পৰম্পৰাগতভাৱে নৈৰ বুকুত গৰুক গা ধুওৱাৰ পিছত মাখিয়তীৰে কোবাই দীৰ্ঘায়ু কামনা কৰি গৃহস্থৰ শ্ৰীবৃদ্ধি হ’বলৈ ইষ্টদেৱতাক স্মৰণ কৰে গৰুৰ গৰাকীসকলে ৷ এই সন্দৰ্ভত চাওক যোৰহাটৰ সংবাদদাতা দীপক মুক্তিয়াৰে যুগুত কৰা প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.