thumbnail

By

Published : Oct 5, 2022, 8:53 PM IST

ETV Bharat / Videos

ঐতিহাসিক নুমলীগড় ধনশিৰি নদীত বিসৰ্জন দেৱী দুৰ্গাৰ প্ৰতিমা

আজি বিজয়া দশমী (Vijaya dashami 2022) ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি অৰ্থাৎ দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হ’ল দেৱী দুৰ্গাক (Durga Idol immersion in Assam) ৷ নুমলীগড় ধনশিৰি নদীত বোকাখাত মহকুমাৰ মুঠ ৩৮ ভাগ মণ্ডপৰ দেৱী প্ৰতিমাৰ ভিতৰত ১৮ ভাগ প্ৰতিমা ঐতিহাসিক নুমলীগড় ধনশিৰি নদীৰ ঘাটত বিসৰ্জন দিয়া হয় । নুমলীগড় ধনশিৰি নদীৰ ঘাটত মা-ভগৱতীক বিদায় দিবলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় (Durga Puja 2022 in Assam) ৷ ইফালে বিসৰ্জন স্থলীত যাতে কোনো অঘটন সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । সমান্তৰালভাৱে বোকাখাতৰ লতাবাৰী ডিফলু নদীত ১০ আৰু ৰঙাগড়া গেলাবিল নদীত ৮ ভাগ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.