মাজুলীত গঁড়-বন্যহস্তীৰ মুক্ত বিচৰণ : আতংকিত ৰাইজ

By

Published : Jun 16, 2022, 11:36 AM IST

thumbnail

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে মাজুলীৰ চৰ-চাপৰি সমূহত বন্যহস্তী আৰু গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে (Free roaming of wild elephant in Majuli) । উজনি মাজুলীৰ নৈপৰীয়া অঞ্চলসমূহত নিশাৰ ভাগত হাতীৰ আতংক অব্যাহত থকাৰ মাজতে গঁড়ে নামনি মাজুলীৰ চৰ-চাপৰিত থিতাপি লৈছে (Rhinoceros in Majuli) ৷ উজনি মাজুলীৰ প্ৰায় ৭০ জনীয়া এটা হাতীৰ জাকে এনেদৰে বিচৰণ কৰাৰ ফলত যোগীগাঁও, গ্ৰেজিং, মেৰাগড়, ধনাইচাপৰি আদি অঞ্চলৰ ৰাইজৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে । ইফালে, নামনি মাজুলীৰ জোঁৱাই চাপৰি, অযোধ্যা চাপৰিত মুক্তভাৱে বিচৰণ কৰিছে কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ে । বৰ্তমান মাজুলীৰ বনকৰ্মীৰ সংখ্যা নিচেই সীমিত যদিও দুটা ভাগত বিভক্ত হৈ স্থানীয় ৰাইজৰ সহযোগত হাতী আৰু গঁড়ৰ পহৰাত ব্যস্ত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.