তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমণত কিশোৰী আহত - Wild elephant terror - WILD ELEPHANT TERROR
🎬 Watch Now: Feature Video


Published : Jul 5, 2024, 10:45 PM IST
তেজপুৰ, ৫ জুলাই : তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী কিশোৰী ৷ বৰঝাৰ গাঁৱৰ চাৰিআলি বালিটিকা আহতগুৰিৰ য়াছমিনা বেগম (১৩) নামৰ কিশোৰীগৰাকীক বনৰীয়া হাতীয়ে শুৰৰে মেৰিয়াই দলিয়াই দিয়ে ৷
শুকুৰবাৰে সন্ধিয়া তেজপুৰ চহৰৰ বজাৰৰ পৰা কিশোৰীগৰাকী আইতাকৰ লগত ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাত ঘটনাটো সংঘটিত হয় ৷ আইতাক এখন দোকানত থাকোতে য়াছমিনা বেগমক বন্যহস্তীটোৱে আক্ৰমণ কৰে ৷ স্থানীয় লোকৰ সহায়ত কোনোমতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি কনকলতা অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় ৷
উল্লেখ্য যে তেজপুৰ চহৰৰ মাজমজিয়াত এইবাৰ বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দুটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা ৰাজ্যিক পৰিবহন নিগম আৰু নেহৰু মৈদানৰ সমীপত অৱস্থান লৈছে ৷
লগতে পঢ়ক: তেজপুৰত বানৰ মাজতে বন্যহস্তীৰ ত্ৰাস : ছটা বনৰীয়া হাতীৰ অৱস্থান