thumbnail

বিলাসীপাৰাত বান সাহায্য লাভৰ পৰা বঞ্চিত গৰিষ্ঠসংখ্যক বন্যাৰ্ত - Flood in Bilasipara

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:12 AM IST

বিলাসীপাৰা, 6 জুলাই : ডেৰ শতাধিক বানাক্ৰান্ত গাঁৱৰ ভিতৰত মাত্ৰ 34 গাঁওলৈহে সাহায্য বিতৰণ বিলাসীপাৰা মহকুমা প্ৰশাসনৰ । মহকুমাটোৰ 34 খন গাঁৱৰ বানপীড়িত ৰাইজলৈ দুই দিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰে বিলাসীপাৰা মহকুমা প্ৰশাসনে ।

উল্লেখ্য যে, বিলাসীপাৰা মহকুমাত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বান পৰিস্থিতিয়ে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত । বানপানীৰ কবলত পৰিছে মহকুমাটোৰ ডেৰ শতাধিক গাঁও । কিন্তু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত মাশানেৰ আলগা গাঁও পঞ্চায়তৰ চাৰিখন, বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়তৰ এখন, হাতীপোতা গাঁও পঞ্চায়তৰ তিনিখন, শগুনমাৰী গাঁও পঞ্চায়তৰ চাৰিখন, ডুবাচুৰী গাঁও পঞ্চায়তৰ চাৰিখন, কাজাইকাটা গাঁও পঞ্চায়তৰ চাৰিখন, নায়েৰ আলগা গাঁও পঞ্চায়তৰ তিনিখন, মায়াৰচৰ গাঁও পঞ্চায়তৰ পাঁচখন, কাজাইকাটা - ছুৱাপাতা গাঁও পঞ্চায়তৰ ছয়খনকে ধৰি মাত্ৰ 34 খন গাঁৱৰ 110704 গৰাকী বন্যাৰ্তলৈ দুই দিনৰ খাদ্য সামগ্ৰী যোগান ধৰে ৷

মহকুমা প্ৰশাসনে চাউল 1207.82 কুইন্টল, দাইল 221.41 কুইন্টল, নিমখ 66.42 কুইন্টল, সৰিয়হৰ তেল 6642.24 লিটাৰৰ লগতে পশুধনৰ খাদ্য, তিৰপাল আদি বিতৰণ কৰে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বোকাখাতত বান সাহায্যত দুৰ্নীতি ! ৬ বছৰ ধৰি গুদামত পৰি আছে ৫০০ কুইণ্টল চাউল - Assam Flood 2024

কলিয়াবৰত বানৰ ক্ষতিপূৰণৰ সমবিতৰণৰ দাবী

ভাষণত প্ৰতিশ্ৰুতিৰ ফুলজাৰি, কিন্তু বছৰ বছৰ ধৰি ধোঁৱাচাঙত প্ৰতিশ্ৰুতি

বান সহায্যক লৈ কামপুৰৰ পটিয়াপামত উত্তপ্ত পৰিস্থিতি - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.