কা সমৰ্থনকাৰী আৰু বিৰোধীৰ মাজৰ সংঘৰ্ষত আৰক্ষীসহ প্ৰাণ হেৰুৱালে 4 জনে - clash between caa supporter and protester
🎬 Watch Now: Feature Video
নিউজ ডেস্ক , 24 ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ দিল্লীত সোমবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত এজন আৰক্ষী হেড কনিষ্ঠবলৰ স্বহীদ হোৱাৰ লগতে মৃত্যু হয় 4 জনকৈ লোকৰ ৷ ঘটনাত আঘাতপ্ৰাপ্ত ডিজিপি অমিত শৰ্মাৰ অৱস্থা সংকটজনক বুলি বিশেষ সূত্ৰে প্ৰকাশ পাইছে ৷ 20 জন আৰক্ষী বিষয়াসহ আঘাতপ্ৰাপ্ত হোৱা 50 জনক দিল্লীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
ঘটনাৰ বিৱৰণী মতে , নতুন দিল্লীৰ জাফৰবাদ , মৌজপুৰ , চান্দবাগ আদি অঞ্চলত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ চলি আছিল ৷ সোমবাৰে বিতৰ্কিত আইনখনৰ সমৰ্থনত বহু লোক আহি অঞ্চলকোইটাত সমবেত হোৱাৰ পাছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হ’বলৈ আৰম্ভ কৰে ৷ কম সময়ৰ ভিতৰতে দুয়োপক্ষৰ মাজৰ মতবিৰোধে চুড়ান্ত ৰূপ লয় আৰু শিলাবৰ্ষণ আৰম্ভ হ’বলৈ ধৰে ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষী ব্যৰ্থ হয় আৰু বিক্ষোভকাৰী সকলে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলোৱা আৰম্ভ কৰে ৷ অভিযোগ অনুসৰি , হিংসাত্মক কাৰ্যত জড়িতসকলে সেই অঞ্চলৰ তেল ডিপো আৰু দোকান সমূহতো অগ্নি সংযোগ কৰে ৷ বৰ্তমানে অঞ্চলটোত হিংসাত্মক ঘটনা শাম কাটিছে ৷ সমগ্ৰ অঞ্চলতেই জাৰী কৰা হৈছে 144 ধাৰা ৷
লগতে পঢ়কঃ বায়ুুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্থ : পাইলট শ্বহীদ