শিৱসাগৰত বিষাক্ত মাখিৰ আতংক - শিৱসাগৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3102772-thumbnail-3x2-j.jpg)
মাখিৰ আক্ৰমণত ভীতিগ্ৰস্থ ৬, ৭ খন গাঁও । শিৱসাগৰ দিখৌমুখত পুনৰ বিষাক্ত মাখিৰ কামোৰত বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ । যোৱা এটামাহ ধৰি বিষাক্ত মাখি বিধে দিখৌমুখৰ ৰঘূবাৰী, গটঙা, নকটানীকে ধৰি কেইবাখনো গাঁৱত উপদ্ৰৱ চলাইছে । মাখিৰ উপদ্ৰৱত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠদানটো ব্যাহত হৈ পৰিছে । উল্লেখ্য যে মাখি বিধে কামুৰিলে খজুৱতি হোৱাৰ লগতে টেমুনাৰ সৃষ্টি হয় ।