বানৰ প্ৰবল সোঁতে উটুৱাই নিলে কামপুৰ-কঠীয়াতলী সংযোগী মূল পথ

By

Published : May 19, 2022, 12:19 PM IST

thumbnail
কামপুৰৰ বানৰ বিভীষিকা (Flood situation is remain same in kampur)৷ কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাইছে কামপুৰ কঠীয়াতলীৰ ভিন্ন অঞ্চল (Kampur Kathiatali effected by Kapili and Nisari river floods) ৷ পানীৰ তলত ডুব গৈছে কঠীয়াতলীৰ জুমুৰমুৰ, মহগড়, পশ্চিম কাৱৈমাৰী বেঙেনা আটিকে ধৰি কেইবাখনো গাঁও । হেঁপাহৰ ঘৰখন বানে বুৰাই পেলোৱাত নিশা বিপদজনকভাৱে পানীৰ মাজেদি বান শিবিৰলৈ ঢাপলি মেলিছে বন্যাৰ্তই । বন্ধ কৰি দিয়া হৈছে পথ । মুঠতে এতিয়া কামপুৰ-কঠীয়াতলীৰ চৌদিশে বিৰাজ কৰিছে এক হাহাকাৰময় পৰিস্থিতিয়ে ৷ আনকি, বাঢ়নী পানীৰ প্ৰবল সোঁতে নিশাই ছিঙি নিয়ে মনোহৰ গাঁৱৰ সমীপৰ কামপুৰ কঠীয়াতলী সংযোগী মূল পথচোৱা । যাৰ ফলত এতিয়া সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.