thumbnail

By

Published : Jun 29, 2022, 2:22 PM IST

ETV Bharat / Videos

বোৱতী নৈৰ সোঁতত বিপদসংকুল যাত্ৰা ফিল'বাৰী-বালিজানবাসীৰ

দেওবাৰে নিশাৰ পৰা অহা মুষলধাৰ বৰষুণৰ ফলত ফেনেফুটুকাৰে উফন্দি উঠিছে নৈ-উপনৈসমূহ । নেৰানেপেৰা বৰষুণৰ ফলত যোগাযোগ বিছিন্ন হৈ পৰিছে ফিল'বাৰী-বালিজান সংযোগী পথ(Communication break in Phillobari Balijan link road at Tinsukia) । মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ অধীনত থকা ফিল'বাৰী ১০ নং হোলুংগুৰিৰ মৈলা নৈৰ পানী ব্যাপকভাৱে বাঢ়ি অহাৰ বাবে জলমগ্ন হৈ পৰিছে সমগ্ৰ পথছোৱা । উক্ত নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ আশ্বাস দি ২০২১ চনৰ নিৰ্বাচনত আগমূহুৰ্তত বিজেপি বুঢ়ীদিহিং মৌজাৰ সভাপতি ভাদেশ্বৰ মৰাণে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু এটা বছৰ পাৰ হোৱাৰ পিছতো নিৰ্মাণ নকৰিলে দলং । ফলত এতিয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও গুৰুত্ব নাই চৰকাৰৰ-প্ৰশাসনৰ ৷ পুৱাৰ ভাগত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলে পথছোৱা জলমগ্ন হোৱাৰ ফলত ঘৰলৈ উভতি যোৱা পৰিলক্ষিত হয় (Flood Situation in Tinsukia)৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.