কৰ'ণাতকৈ ভয়াৱহ বান ! - erosion

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2020, 11:01 PM IST

ৰাজ্যত 31 মাৰ্চত চিনাক্ত হৈছিল প্ৰথম গৰাকী কোভিড-19ত আক্ৰান্ত ব্যক্তি ৷ অৰ্থাৎ আজিৰ পৰা সম্পূৰ্ণ 90 দিনৰ পূৰ্বে ৰাজ্যত আত্মপ্ৰকাশ কৰিছিল মাৰাত্মক কৰ'ণা ভাইৰাছে ৷ এই 90 টা দিনত কৰ'ণা ভাইৰাছে প্ৰাণ ল'লে 12 গৰাকী লোকৰ ৷ কিন্তু তাৰ বিপৰীতে বিগত 22 মে'ত ৰাজ্যত ভুমুকি মৰা বলিয়া বানে এই পৰ্যন্ত প্ৰাণ ল'লে 24 গৰাকী লোকৰ ৷ সমান্তৰালকৈ ভূমিস্খলনেও এই পৰ্যন্ত প্ৰাণ লৈছে 23 গৰাকী লোকৰ ৷ কেৱল বান আৰু ভূমিস্খলনত প্ৰাণ গৈছে 47 গৰাকী লোকৰ ৷ এই দৃষ্টিকোণেৰে অসমৰ প্ৰেক্ষাপটত আজিৰ তাৰিখত কৰ‘ণা ভাইৰাছতকৈ অধিক ভয়াৱহ ৰূপে বিবেচিত হৈছে বান আৰু ভূমিস্খলনৰ সমস্যা ৷ কিন্তু ইমানৰ পাছতো যুগ-যুগ ধৰি ৰাজ্যবাসীয়ে ভুগি অহা বান আৰু ভূমিস্খলনৰ সমস্যা সমাধানৰ বাবে কোনো এখন চৰকাৰে নেদেখুৱালে আশা কৰা ধৰণৰ ব্যৱস্থা ৷ এনে এক প্ৰেক্ষাপটতে প্ৰশ্ন উত্থাপন হৈছে কোভিড-কোভিড বুলি চিঞৰি থাকোতেই বান,ভূমিস্খলন, গৰাখহনীয়া দৰে দুৰ্যোগ অধিক ঘাতক হৈ পৰিব নেকি ৰাজ্যবাসীৰ বাবে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.