thumbnail

By

Published : Jul 25, 2022, 2:20 PM IST

ETV Bharat / Videos

Flood effected people of Rangia: ৰঙিয়াত মৎস্য পালকৰ ব্যাপক ক্ষতি

বলিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰি এফালৰ পৰা ঢাঁহি-মুহি নিয়া মাদৈকাটাত এতিয়া মূৰে কপাঁলে হাত দি দিন অতিবাহিত কৰিবলগীয়া হৈছে সহস্ৰাধিক মীনপালকে(Fish farmers in trouble for flood at Rangia) । বগৰীবাৰীৰ মথাউৰি ছিগাৰ পিছতেই অঞ্চলটোক সুৰক্ষিত কৰা ঐতিহাসিক আৰিমত্ত গড়টো ভাঙি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলটো প্ৰায় এমাহলৈ একঁকাল পানীত ডুব গৈছিল ৷ এই সময়ছোৱাতে মীন পালকসকলৰ পুখুৰীবোৰ পানীৰে ওপচি পৰাৰ ফলত মাছবোৰ বানত ওলাই যায় । বছৰি পঞ্চাশ হাজাৰৰ পৰা দহ লাখ পৰ্যন্ত লাভ হোৱা পুখুৰীবোৰত এতিয়া এটাও মাছ নোহোৱাত যথেষ্ট লোকচানৰ সন্মূখীন হৈছে মীনপালকসকলে(Fish farmers of Rangia suffer in loss) ৷ বানত মাছবোৰ ওলাই যোৱাৰ পিছত পুনৰাই পুখুৰীত মাছৰ পোনা মেলিবলৈ ধনৰ অভাৱত পৰিছে বৃহত্তৰ অঞ্চলটোৰ শ শ মীন পালক ৷ সেয়ে এই ক্ষেত্ৰত চৰকাৰক ক্ষতিপূৰণ প্ৰদানৰ লগতে উচিত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে মাদৈকাটাৰ মীনপালকসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.