কাজিৰঙাৰ চাৰি শতাধিক জীপ চালকলৈ ২৫,০০০ টকাৰ অৰ্থ সাহাৰ্য

By

Published : May 11, 2022, 6:54 PM IST

thumbnail
অৱশেষত প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে ৰাজ্য চৰকাৰে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম বাৰ্ষিকীৰ সময়তে কাজিৰঙাৰ জীপ চালকলৈ আহিল সেই সুখবৰ ৷ কাজিৰঙাৰ চাৰি শতাধিক জীপ চালকলৈ ২৫,০০০ টকাৰ সাহাৰ্য আগবঢ়াইছে ৰাজ্য চৰকাৰে (Financial assistance to Jeep drivers)৷ উল্লেখ্য যে, বিগত বছৰ কেইটাত ক'ভিড মহামাৰীয়ে যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত কৰিছিল কাজিৰঙাৰ পৰ্যটন উদ্যোগটোক । বিপৰ্যস্ত হৈ পৰিছিল জীপ চাফাৰীৰ (Kaziranga Jeep safari)বৃত্তিৰ সৈতে জড়িত কেইবাশতাধিক চালক তথা টুৰিষ্ট গাইড । ইফালে, অৰ্থৰ অভাৱত পৰিয়াল পোহপাল দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱাত অসহায় হৈ পৰিছিল এইসকল লোক । তেনে সময়তে জীপ চাফাৰীৰ সৈতে জড়িত লোকসকলক মুখ্যমন্ত্ৰীয়ে এককালীন সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে এইসকল লোকলৈ আৰ্থিক সাহাৰ্য আগ বঢ়োৱাত এতিয়া সামান্য সকাহ লাভ কৰাৰ লগতে আনন্দিত হৈ পৰিছে চালকসকল । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী বিমল বৰাক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে কাজিৰঙাৰ জীপ চাফাৰী সন্থাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.