Protest in Sivasagar: শিৱসাগৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ - fair traders association protests in sivasagar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 11, 2022, 2:58 PM IST

১০ বছৰে অনাদায় বকেয়া ধন আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰ উত্তাল কৰে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই (fair traders association protests in sivasagar)। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি সুলভ মূল্য ব্যৱসায়ী সন্থাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ২০১২ চনৰ পৰা অনাদায় হৈ থকা বকেয়া শীঘ্ৰেই আদায় দিয়াৰ লগতে কেৰাচিন তেলৰ দাম হ্ৰাস , নিয়মীয়াকৈ চেনী যোগান ধৰাকে আদি কৰি বিভিন্ন দাবীৰ সমৰ্থনত ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী । সন্থাৰ ডেৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ গেছৰ চিলিণ্ডাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদানৰ ব্যৱস্থা কৰক, বকেয়া আদায় দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে, শীঘ্ৰেই দাবীসমূহ পূৰণ নকৰিলে সংসদ ভৱন ঘেৰাও কৰিব বুলিও সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই চৰকাৰক সকীয়াই দিয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.