বজালীৰ ভৱানীপুৰ সমষ্টিত নিৰ্বাচনী হিংসা
🎬 Watch Now: Feature Video
বিধানসভা নিৰ্বাচন প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাচতে তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰসমান্তৰালভাৱে দুই এক সমষ্টিত ক্ৰমাৎ আৰম্ভ হ'বলৈ ধৰিছে নিৰ্বাচনী হিংসা ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে দেওবাৰে বজালীৰ ভৱানীপুৰ সমষ্টিত সংঘটিত হ'ল হিংসাত্মক ঘটনা ৷ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা ভৱানীপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম আজাদৰ ৰহমত বজাৰৰ বৰভিঠাত থকা নিৰ্বাচনী কাৰ্যালয় লণ্ড ভণ্ড কৰিলে কোনো দুৰ্বৃত্তই ৷ নিশাৰ ভাগত কেইবাজনো যুৱকে কালামৰ কাৰ্যালয়ৰ আচবাব ভাঙি পেলোৱাৰ উপৰিও কাৰ্যালয়টোৰ সামগ্রী সমূহ জ্বলাই দিয়ে। ইফালে মুকলিৰ দিনটোতে কাৰ্যালয়টো জ্বলাই দিয়াত এআইএডিএফ আৰু কংগ্রেছ মহাজোঁটৰ প্ৰাৰ্থী ফনী তালুকদাৰৰ সমৰ্থকে এই দুস্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আবুল কালামে ৷