বাঘৰ আতংক মাৰ যোৱা নাই কলিয়াবৰত - TIGER TERROR IN KALIABOR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-11-2024/640-480-22929789-thumbnail-16x9-h-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 19, 2024, 10:59 AM IST
কলিয়াবৰ: কলিয়াবৰত পুনৰ বনৰজাৰ আতংক । মঙলবাৰে পুৱাতে বাঘক লৈ কলিয়াবৰৰ জনাঞ্চলত লাগিল হৈ-চৈ । ইতিপূৰ্বে বাঘৰ বিচৰণস্থলী সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা আৰু হাতীমূৰাৰ স্থান সলনি কৰি এইবাৰ বাঘ পালেহি বৰভকতি গাঁও আৰু দেৱৰ সত্ৰ ।
এঘৰৰ বাৰীৰ পৰা পুৱাতেই বনৰজাই চোঁচোৰাই নিলে ছাগলী । গাঁৱৰ সমীপতে থকা কলঙৰ পাৰত বাঘ দেখি কোনোমতে প্ৰাণৰক্ষা কৰিলে এগৰাকী মহিলাই । ইয়াৰ পিচতেই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘৰ সন্ধানত নামি পৰে ।
উল্লেখ্য় যে বিগত কেইবামাহো ধৰি সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা আৰু হাতীমূৰাত দুটাকৈ ঢেকীয়াপতীয়া বাঘে গৰু-ছাগলী নিধন কৰি সন্ত্ৰাস চলাই আছে যদিও বন বিভাগে স্থানীয় ৰাইজক সুৰক্ষা দিব পৰা নাই । তাৰ বিপৰীতে বাঘে নতুন গাঁৱত বিচৰণ কৰাত শংকিত হৈ পৰিছে কলিয়াবৰবাসী ।