নতুন দিল্লী : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণ ইমানে ভয়াৱহ হৈ পৰিছে যে চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বিশেষ পদক্ষেপ ল'বলৈ সিদ্ধান্ত লৈছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে 'ৱৰ্ক ফ্ৰম হোম' অৰ্থাৎ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব । চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব । ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে বুধবাৰে সচিবালয়ত বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এক্সৰ এটা পোষ্টত এই কথা প্ৰকাশ কৰিছে ।
প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ
ইয়াৰ পূৰ্বে, দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী কাৰ্যালয় খোলা আৰু বন্ধ কৰাৰ সময়ো সলনি কৰিছে । দিল্লী পৌৰ নিগমৰ (এমচিডি) কাৰ্যালয় পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহো পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ খোলা হৈছে । দিল্লীৰ চৰকাৰী কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ খোলাৰ ব্যৱস্থা কৰা হৈছে ।
#WATCH | A layer of haze covers ITO area in Delhi. As per Central Pollution Control Board (CPCB), the air quality in the area remains in 'Severe' category.
— ANI (@ANI) November 20, 2024
Drone visuals shot at 7.30 am. pic.twitter.com/jrLzoxXnUr
শীতৰ প্ৰকোপ
প্ৰদূষণৰ লগে লগে ৰাজধানীত বতৰো সলনি হৈছে । ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে । পুৱা ঘন কুঁৱলীৰ সমান্তৰালকৈ দিল্লীবাসীয়ে শীত অনুভৱ কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লীত মঙলবাৰে সৰ্বাধিক তাপমাত্ৰা ২৫.৪ ডিগ্ৰী চেলচিয়াছ আছিল । যি স্বাভাৱিকতকৈ দুই গুণ কম । সৰ্বনিম্ন তাপমাত্ৰা ১২.৩ ডিগ্ৰী চেলচিয়াছ আছিল ।
#WATCH | Delhi: Toxic foam seen floating on the Yamuna River in Kalindi Kunj, as pollution level in the river continues to remain high. pic.twitter.com/HspJeB9br7
— ANI (@ANI) November 20, 2024
বতৰ বিজ্ঞান বিভাগৰ মতে বুধবাৰে পুৱাও ঠাইভেদে কুঁৱলীৰ ঘনত্ব কম বেছি আছিল । যাৰ বাবে বতৰ বিজ্ঞান বিভাগে পূৰ্বেই হালধীয়া সতৰ্কতা (Yellow Alert) জাৰি কৰিছে । বুধবাৰে ধুমুহাৰো সতৰ্কবাণী জাৰি কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে অঞ্চলটোত বায়ুৰ মান 'গুৰুতৰ' শ্ৰেণীত আছে । আনহাতে দিল্লীৰ বেছিভাগ অঞ্চলত একিউআইৰ স্তৰ ৪০০ ৰ পৰা ৫০০ ৰ ওপৰত আছে ।
লগতে পঢ়ক :জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব: দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত চিকিৎসকৰ আহ্বান