ETV Bharat / state

বহিঃৰাজ্যলৈ বাঁহ সৰবৰাহে উদ্বিগ্নতা বঢ়াইছে প্ৰকৃতিপ্ৰেমীৰ - BAMBOO

মুৰ্কংচেলেকত জোনাইৰ লগতে অৰুণাচল প্ৰদেশৰৰ পৰা হাজাৰ হাজৰ টন বাঁহ মজুত । চালান হ’ব বহিঃৰাজ্যলৈ ৷

Bamboo Ready For Transport from Jonai
বহিঃৰাজ্য়লৈ চালানাৰ বাবে সাজু বাঁহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 2:00 PM IST

জোনাই: অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে বাঁহ ৷ বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহৃত আটাইতকৈ বহনক্ষম, পৰিৱেশ-অনুকূল তথা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বাঁহ । এই বাঁহ নিঃশেষ হ’ব নেকি আমাৰ মাজৰ পৰা ৷ এয়া পৰিবেশৰ বাবে অশনি সংকেত নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে । এফালৰ পৰা বাঁহ নিঃশেষ কৰাৰ আশংকাত ভুগিছে পৰিৱেশ কৰ্মীসকল ৷

মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনত বহিঃৰাজ্য়লৈ চালানা দিবলৈ সাজু কৰিছে হাজাৰ হাজৰ টন বাঁহ ৷ এই ষ্টেচনটোত নিতৌ জোনাইৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজৰ টন বাঁহ মজুত কৰিছে বহিঃৰাজ্যলৈ চালান দিয়াৰ উদ্দেশ্য়ে ৷ মধ্যপ্ৰদেশৰ কল-কাৰখানাৰ চাহিদা পূৰাবলৈ কাটি নিঃশেষ কৰা হৈছে অসমৰ শ শ হেক্টৰ সেউজীয়া বাঁহনিবাৰী ৷ কাটি পেলোৱা হৈছে জোনাইৰ গাঁও, চৰ-চাপৰিকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বাঁহনিবাৰী ।

বহিঃৰাজ্য়লৈ চালানাৰ বাবে সাজু বাঁহ (ETV Bharat Assam)

অসমত কাগজ কল বন্ধ হ'লেও মধ্যপ্ৰদেশৰ বিভিন্ন কল-কাৰখানাৰ চাহিদা পূৰাবৰ বাবে অসমৰ পৰা ৰে’লেৰে দৈনিক সৰবৰাহ হৈছে হাজাৰ হাজাৰ টন বাঁহ ৷ সমান্তৰালকৈ জোনাইৰ পৰাও মধ্যপ্ৰদেশলৈ চালনৰ বাবে মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনত মজুত কৰা হৈছে পাহাৰ সদৃশ বাঁহৰ দ'ম । সামান্য মূল্যৰ বিনিময়ত শ শ হেক্টৰ সেউজীয়া বাঁহৰবাৰী ক্ৰমশ নিঃশেষ কৰি বাঁহ এনেদৰে সৰহবৰাহ হৈছে মধ্যপ্ৰদেশলৈ ৷

মধ্যপ্ৰদেশৰ কল-কাৰখানাৰ চাহিদা পূৰাবলৈ জোনাইৰ পৰা ৰে'লেৰে হাজাৰ হাজাৰ টন বাঁহ সৰবৰাহক লৈ উদ্বেগ্ন প্ৰকাশ কৰিছে পৰিৱেশকৰ্মীসকলে ৷ মাটি খামুচি ধৰা তথা খহনীয়াৰ পৰা ৰক্ষা কৰি অহা সেউজীয়া বাঁহৰ অক্সিজেন নিঃসৰণৰ ক্ষমতাও আন গছৰ তুলনাত বহু বেছি ।

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত বাঁহ গছৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ বাঁহৰ বিজ্ঞানসম্পন্ন ৰোপণ, সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা অবিহনে এইদৰে শ শ হেক্টৰ বাঁহনিবাৰী কেৱল ব্যৱসায়িক মুনাফা লাভৰ বাবে নিঃশেষ কৰা কাৰ্যই পৰিৱেশৰ প্ৰতি ভাবুকি অনাৰ শংকা প্ৰকাশ কৰিছে পৰিৱেশকৰ্মীসকলে ৷

অসমৰ খিলঞ্জীয়া জনজাতীয় লোকসকলে জাকৈ খালৈৰ পৰা ঘৰ নিৰ্মাণলৈকে দৈনন্দিন কামত ব্যৱহাৰ কৰা বাঁহ এনেদৰে সৰহবৰাহ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেচাৰ্চ বেকনৰ সমন্বয়ক তোষেশ্বৰ আগৰৱালা মিৰিয়ে । তেওঁ চৰকাৰ-প্ৰশাসনক বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.