Road Accident in Nalbari: প্ৰাতঃভ্ৰমণলৈ আহি প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধাই

By

Published : Jul 25, 2022, 1:40 PM IST

thumbnail
নলবাৰীৰ মুকালমুৱা হাজো-দৌলাশাল পথত আজি পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road Accident in Nalbari)৷ মুকালমুৱাত প্ৰাতঃভ্ৰমণলৈ ওলাই অহা এগৰাকী বৃদ্ধাক এখন তীব্ৰবেগী বাহনে মহিতাই নিয়াত থিতাতে নিহত হয় সত্তৰৰ উৰ্দ্ধৰ বৃদ্ধাগৰাকী(Elderly woman died in a road accident) ৷ মৃত বৃদ্ধাগৰাকী মুকালমুৱাৰ চান্দা গাঁৱৰ লতিমা কাকতি বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে পথৰ কাষত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি মুকালমুৱা আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে, বৰ্তমানলৈকে দুৰ্ঘটনা সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰা বাহনখনৰ কোনো তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.