ETV Bharat / sports

প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি - ROBIN UTHAPPA DEFRAUDING PF FUNDS

প্ৰৱঞ্চনাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেনৰ বিৰুদ্ধে গোচৰ ।

ROBIN UTHAPPA DEFRAUDING PF FUNDS
ৰবীন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা (ANI)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

স্প’ৰ্টছ ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন ৰবীন উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । প্ৰাক্তন বেটছমেনগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতেই তেওঁৰ অনুৰাগীসকলে সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উথাপ্পাৰ বিৰুদ্ধে ভৱিষ্য় নিধিৰ পুঁজিত জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য় যে কৰ্মচাৰীসকলৰ ই পি এফ (পিএফ) পুঁজিত জালিয়াতিৰ অভিযোগত প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ বিৰুদ্ধে ৪ ডিচেম্বৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । ই পি এফৰ আঞ্চলিক আয়ুক্ত শাদাক্ষৰী গোপাল ৰেড্ডীয়ে আৰক্ষীলৈ এখন পত্ৰ লিখি ৰবীন উথাপ্পাক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে । কিয়নো তেওঁ পুলাকেশিন নগৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ বাসিন্দা ।

ৰবীন উথাপ্পা চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ডছ প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত কোম্পানীৰ সহ-অংশীদাৰ । এই কোম্পানীটোত কাম কৰা বহুতো কৰ্মচাৰীক ই পি এফ পৰিশোধ কৰা হোৱা নাই । তেওঁৰ বিৰুদ্ধে দৰমহাৰ পৰা ই পি এফ (কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা)ৰ ধন কৰ্তন কৰা আৰু কৰ্মচাৰীৰ একাউণ্টত জমা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

পুৰণি ঠিকনাত নাথাকে উথাপ্পা :

ৰবীন উথাপ্পাৰ বিৰুদ্ধে মুঠ 23 লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে । চেঞ্চুৰী লাইফ-ষ্টাইল ব্ৰেণ্ডছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । এই সন্দৰ্ভত ৪ আগষ্টত এক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল । এই সন্দৰ্ভত আৰক্ষীয়ে কৈছিল যে তেওঁলোকলৈ ই পি এফৰ আঞ্চলিক আয়ুক্ত শাদাক্ষৰী গোপাল ৰেড্ডীয়ে উথাপ্পাক গ্ৰেপ্তাৰ কৰিবলৈ পত্ৰ লিখিছে । অভিযোগৰ ভিত্তিত আৰক্ষীয়ে উথাপ্পাৰ ঠিকনালৈ গৈ জানিব পাৰিলে যে তেওঁ বৰ্তমান সেই ঠিকনাত নাথাকে ।

লগতে পঢ়ক:উভতি চাওঁ 2024: ভাৰতীয় ক্ৰিকেটৰ উত্থান-পতনৰ সাক্ষী এই বৰ্ষ - YEAR ENDER 2024উভতি চাওঁ 2024: ভাৰতীয় ক্ৰিকেটৰ উত্থান-পতনৰ সাক্ষী এই বৰ্ষ - YEAR ENDER 2024

সকলোৰে সময় আহে আৰু আজি মোৰ যোৱাৰ সময়: অশ্বিনৰ বক্তব্যত আবেগিক সতীৰ্থ - R ASHWIN RETIREMENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.