ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ - প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক
🎬 Watch Now: Feature Video

ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ (Ranoj Pegu reacted to suspension of Victor Das)। আৰক্ষীৰ জিম্মাত থকাৰ বাবেই ভিক্টৰ দাসক নিলম্বন কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে 1994 Assam Service discipline act ৰ অধীনত থকা দফা 6(1)(2) মতে যিকোনো ব্যক্তি ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকিলে তেওঁক নিলম্বন কৰা হয় বা নিলম্বিত হোৱা বুলি ধৰা হয় । সেয়েহে ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থকাৰ পিছতেই তেওঁক ১৩ ছেপ্টেম্বৰত জাননী দিয়া হৈছিল । ক’চিং অথবা টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীৰ । উল্লেখ্য যে, পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ আছিল ভিক্টৰ দাস । তৃতীয়-চতুৰ্থবৰ্গৰ নিযুক্তিৰ প্ৰক্ৰিয়াত ধনৰ লেন-দেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস ।