দুৰ্গা পূজা উপলক্ষে শিৱসাগৰত ব্যাপক তৎপৰতা - Durga Puja celebrated in Sivasagar
🎬 Watch Now: Feature Video
আজি শুভ মহাসপ্তমী (Shubho Mahasaptami) ৷ ৰাজ্যজুৰি দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ (Durga Puja in Assam) ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja 2022) ৷ শিৱসাগৰটো দেখা পোৱা গৈছে পূজাৰ তৎপৰতা । শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে দুৰ্গা পূজা । ইফালে শিৱসাগৰৰ ঐতিহাসিক দেৱী দলত পৰম্পৰা অনুসৰি আজি পুৱাৰ পৰা সৰু বলি অনুষ্ঠিত কৰা হৈছে। কাইলৈ বৰবলিৰ বাবে ৰাইজৰ সুবিধাৰ্থে ছাগলীৰ বাবদ ১০০, হাঁহৰ বাবদ ৫০ টকা আৰু কোমোৰা বলি দিয়াৰ বাবদ ২০ টকাকৈ ধাৰ্য কৰি দিয়া হৈছে । বৰবলিৰ বাবে সম্পূৰ্ণ সাজু দেৱী দল কমিটি । লগতে কাইলৈ পৰম্পৰা অনুসৰি শিৱসাগৰ নগৰৰ দৌল্লা পৰিয়াল আৰু বৰপাত্ৰ গোহাঁই পৰিয়াললৈ পূজাৰ শৰাই আগবঢ়োৱা হ'ব (Durga Puja celebrated in Sivasagar) ৷