সোণাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰেলী - assam election news
🎬 Watch Now: Feature Video

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনৰ প্ৰচাৰ ৷ শাসক-বিৰোধী উভয় পক্ষই তৎপৰতাৰে চলাই গৈছে ইখন পাচত সিখন প্ৰচাৰ সভা ৷ সোমবাৰে ডিব্ৰুগড় জিলাৰ সোণাৰি সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা খেলপথাৰত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত সমগ্ৰ অঞ্চলটোত এক বিশাল বাইক ৰেলী উলিয়ায় ৷ বাইক ৰেলীত সমষ্টিটোৰ বিধায়িকা নৱনীতা সন্দিকৈ, সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে ৷