নাৰীবাদী লেখিকা ড৹ অনিমা গগৈক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান - বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান 2022

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 25, 2022, 1:57 PM IST

টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্যাদাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ৷ এইবৰ্ষত ৰাজ্যখনৰ বিশিষ্ট নাৰীবাদী লেখিকা, সমাজসেৱিকা ড৹ অনিমা গগৈলৈ আগবঢ়োৱা হয় নৱম বাৰ্ষিক বীৰাংগনা মূলা গাভৰু বঁটা(Virangana Mulagabharu Award 2022 to Dr Anima Gogoi) ৷ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানটি সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সমাৰোহ, টাই আহোম জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা আদিৰ অন্তত দেওবাৰে নিশা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ সভাপতি ৰমা কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে আৰু ড৹ অনিমা গগৈৰ জীৱন আৰু কৰ্মৰ চমু আভাস দিয়ে জুৰি দেৱী ফুকনে ৷ উল্লেখ্য যে, ড৹ অনিমা গগৈক বীৰাংগনা মূলাগাভৰু বঁটা(Dr Anima Gogoi conferred with Virangana Mulagabharu Award) প্ৰদান কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.