thumbnail

মৰাণত ডিব্ৰুগড় জিলা দিৱসৰ তোৰণ মুকলি

By

Published : Oct 1, 2022, 1:52 PM IST

ডিব্ৰুগড়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা দিৱস(District Day held in Dibrugarh) । ১৯৭১ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় জিলাৰ মৰাণত জিলা দিৱসৰ তোৰণ মুকলি কৰিলে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ লগত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ(District day Celebrated in Dibrugarh) । ডিব্ৰুগড় জিলা দিৱসৰ উপলক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিষ্ঠা কৰা অস্থায়ী তোৰণখন উদ্বোধনৰ সময়ত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । জিলা দিৱস উপলক্ষে নিৰ্মাণ কৰা অস্থায়ী তোৰণখন সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰি ডিব্ৰুগড়ৰ বহু কেইটা ঐতিহাসিক ক্ষেত্ৰৰ প্ৰতিচ্ছবি প্ৰদৰ্শিত কৰা হৈছে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.