কপৌফুলেৰে ভৰি পৰিছে ধেমাজিৰ খেতিয়কৰ ফুলনি

By

Published : Apr 9, 2021, 8:54 PM IST

thumbnail
ধেমাজিৰ কপৌফুলৰ খেতিয়কৰ মুখত হাঁহি ৷ বাৰীত জাতিষ্কাৰ হৈ পৰা নানা ৰঙী কপৌফুলে হাত বাউলি মাতিছে ব’হাগৰ নাচনীক ৷ কপৌফুল কেৱল এপাহ ফুলেই নহয় ৷ ই অসমীয়া লোক সংস্কৃতিৰ বাহক ৷ প্ৰাণৰ হেপাঁহে আকুল কৰা কপৌফুলে ব’হাগ অহাৰ জাননী দিয়ে ৷ পিছে পৰিতাপৰ বিষয় যে সাম্প্ৰতিক সময়ত গছ গছনি হাবি জংঘলৰ অভাৱত ক্ৰমান্বয়ে নিশেষ হৈ আহিছে কপৌ ফুল ৷ কপৌফুলৰ এনে সংকটৰ সময়তে ধেমাজিৰ নলনিপাম গাৱৰ টংকেশ্বৰ দলৈ নামৰ উদ্যমী প্ৰকৃতিপ্ৰেমীজনে বিগত ২৯ বছৰ ধৰি নিৰৱছিন্নভাৱে তেওঁৰ নিজৰ বাৰীত ১৪০ বিধ কপৌ গোত্ৰীয় প্ৰজাতি সংৰক্ষনৰ পদক্ষেপ গ্ৰহন কৰি আহিছে ৷ এইক্ষেত্ৰত তেওঁ জনাই যে বিভিন্ন ঠাইৰ পৰা কপৌফুলৰ প্ৰজাতি সংগ্ৰহ কৰি নিজৰ বাৰীৰ তামোল আজাৰ ,নাহৰ আদি গছত সংস্থাপন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.