পহিলা ব'হাগৰ দিনা ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত অগনন দৰ্শনাৰ্থীৰ ভিৰ - Jagannath Mandir in Dibrugarh
🎬 Watch Now: Feature Video

আজি পহিলা ব'হাগ (Assamese festival) । অসমবাসীয়ে অতি আদৰেৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি (Rangali Bihu 2022) । চৌদিশ মুখৰিত ঢোল-পেঁপা গগনাৰ মাতত । কঁকাল ঘূৰাই এপাক নাচিছে সকলোৱে । ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰো ৷ পহিলা বহাগৰ দিনাই বিভিন্ন ঠাইৰ পৰা অগনন দৰ্শনাৰ্থীয়ে ভিৰ কৰিলেহি ডিব্ৰুগড় খনিকৰ জগন্নাথ মন্দিৰত (Devotees throng places of worship on 1st Bohag) । নতুন বছৰটোত অপায় অমংগল দূৰ হোৱাৰ লগতে পৰিয়ালৰ মংগলৰ বাবে সকলোৱে একত্ৰিত হৈ জগন্নাথ মন্দিৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰা দেখা গ'ল ।