টীয়কত 18 বছৰৰ উৰ্ধৰ লোকক ভেকচিন প্ৰদান - টীয়ক ক’ভিড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11752955-thumbnail-3x2-t.jpg)
বৃহস্পতিবাৰৰ পৰা যোৰহাটৰ টীয়কত 18 বছৰ বয়সৰ সকলো লোকক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন ৷ টীয়কৰ কাকজান মহাবিদ্যালয় আৰু চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । সেই অনুসৰি প্ৰায় সংখ্যক লোকে ইতিমধ্যে পঞ্জীয়ন কৰিছে যদিও পঞ্জীয়নৰ পাচত ভেকচিন কেন্দ্ৰ নিজে নিৰ্বাচন কৰিব পৰা নাই ব্যক্তিসকলে । জানিব পৰা মতে, প্ৰতিদিনে প্ৰতিটো কেন্দ্ৰত 150 গৰাকীক ভেকচিন প্ৰদান কৰিব আৰু এই ব্যৱস্থা অহৰহ চলি থাকিব ৷ সেয়েহে সকলোকে নিজৰ ভেকচিন কেন্দ্ৰ নিৰ্বাচন কৰি সময়মতে কেন্দ্ৰত উপস্থিত হৈ সূচাৰুৰূপে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই ।