মৰাণত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ক'ভিড টেষ্ট - covid test at moran daily market
🎬 Watch Now: Feature Video
ক'ভিড প্ৰতিৰোধ কৰিবলৈ মৰাণৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে যদিও প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । মৰাণ অঞ্চলত মঙলবাৰৰ দিনটোলৈকে সৰ্বমুঠ ৫৫০ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে বুধবাৰে মৰাণৰ দৈনিক বজাৰৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক প্ৰশাসনিক বিষয়াৰ উপস্থিতিত স্বাস্থ্য বিভাগে ক'ভিড-19 ৰ পৰীক্ষা কৰে । ক'ভিড আক্ৰান্ত ব্যক্তিৰ পৰা যাতে ভাইৰাছবিধ বিয়পিব নোৱাৰে, তাৰ বাবেই মৰাণৰ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে । মৰাণৰ দৈনিক বজাৰৰ কৰ্মচাৰীসকলৰ ক’ভিড টেষ্ট কৰোৱাৰ ক্ষেত্ৰত মৰাণৰ ব্যৱসায়ী সন্থাই সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ।