thumbnail

By

Published : Jun 18, 2021, 10:57 AM IST

ETV Bharat / Videos

টীয়কত ধোঁৱাচাঙত ক'ভিড নীতি

টীয়কত ধোঁৱাচাঙত ক'ভিড নীতি ৷ সমগ্ৰ ৰাজ্যত যি সময়ত ক'ভিড (Covid 19)সংক্ৰমণৰ হাৰ কমি আহিছে সেই সময়তে টীয়কৰ গ্ৰামাঞ্চলত বাঢ়িছে ক'ভিড (Covid 19) সংক্ৰমণৰ সংখ্যা ৷ বিগত দুই সপ্তাহত টীয়কৰ কেইবাখনো গাঁও ইতিমধ্যে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ তৎসত্বেও ৰাজহুৱা স্থানত উলংঘা হৈছে ক’ভিড প্ৰট’কল ৷ মনা হোৱা নাই আন্তঃজিলা যাতায়াতৰ বাধা, যুগ্ম-অযুগ্ম সংখ্যাৰ বাহনৰ কোনো নীতি ৷ যি সময়ত ক'ভিডৰ বাবে দুচকীয়া বাহনত দুজন উঠা ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে সেই নিৰ্দেশনাৰো টীয়কত কোনো প্ৰভাৱ নাই । খোদ আৰক্ষী অধীক্ষক জি পি সিঙে বুধবাৰে টুইট কৰিছিল যে যুগ্ম-অযুগ্ম নীতি কঠোৰভাৱে বলৱৎ কৰা হ’ব ৷ কিন্ত তাৰ পাছতো টীয়কত উলংঘা কৰা হৈছে এই নীতি । সেয়েহে প্ৰশাসনক অধিক কঠোৰ হ'বলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠন তথা সচেতন মহলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.